assamesebooks

Archive for 2011|Yearly archive page

সোণালী সংখ্যা

In কিতাপ, প্ৰৱন্ধ on 9 ডিচেম্বৰ, 2011 at 5:25 সন্ধ্যা

লেখক- বিপুলজ্যোতি শইকীয়া।

ইয়াত গণিত বিষয়ক মুঠ এঘাৰটা ৰসাল প্ৰবন্ধ আছে। এই প্ৰবন্ধসমূহ প্ৰান্তিক, গণিত বিকাশ, সাদিন, প্ৰত্যয়, দি চিণ্টিনেল, দি টেলিগ্ৰাফ আদিত প্ৰকাশ পাইছিল। কবি হিচাপে পৰিচিত বিপুলজ্যোতি শইকীয়া এগৰাকী প্লাজমা বিজ্ঞানী। গণিতৰ প্ৰতি তেখেতৰ ধাউটি বহুত। এই গ্ৰন্থখনৰ ভাষা ইমানেই ৰসাল যে সকলো পাঠকেই গ্ৰন্থখন পঢ়ি আনন্দ লাভ কৰিব আৰু কিছু কথা শিকাৰ উপৰিও নিজেও গণিত চৰ্চাৰ প্ৰতি আগ্ৰহী হ’বলৈ প্ৰেৰণা পাব। গণিত বিষয়ক অসমীয়া ভাষাত কেৱল দুই-তিনিখনহে প্ৰবন্ধ সংকলন থকা হেতুকে এনেকুৱা ধৰণৰ এখন গ্ৰন্থ লিখা বা প্ৰবন্ধ সংকলন প্ৰকাশ কৰি উলিওৱাৰ ক্ষেত্ৰত এই গ্ৰন্থখন প্ৰেৰণাৰ উৎস হ’ব পাৰে।

গ্ৰন্থখনৰ প্ৰকাশক- ষ্টুডেণ্টচ্‌ ষ্ট’ৰচ্, গুৱাহাটী।

অনুক্ৰম

In আলোচনী, স্মৃতি গ্ৰন্থ on 9 ডিচেম্বৰ, 2011 at 5:19 সন্ধ্যা

১৯৮৬ চনৰ ১৮ জুলাইত প্ৰতিষ্ঠা হোৱা অসম গণিত শিক্ষায়তনে (Assam Academy of Mathematics) ২০১১ চনৰ ১৭ জুলাইত ২৫ বছৰ সম্পূৰ্ণ কৰে। সেইদিনা ৰূপালী জয়ন্তী বৰ্ষ উৎযাপনৰ সামৰণি অনুষ্ঠানত এই স্মৃতিগ্ৰন্থখন উন্মোচন কৰা হয়। ‘কেইজনমান অত্যুৎসাহী গণিত-সেৱকৰ প্ৰচেষ্টাত’ জন্ম হোৱা এই অনুষ্ঠানটোৰ হৈ একাদিক্ৰমে বহুকেইজন উদ্যমী শিক্ষক তথা ছাত্ৰ-ছাত্ৰীয়ে নিষ্ঠাৰে কাম কৰি আহিছে। সেইসকলৰ কেইজনমান বিশিষ্ট ব্যক্তিৰ মহৎ অৱদানৰ কথা সুঁৱৰি লিখা কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰবন্ধ স্মৃতিগ্ৰন্থখনত আছে, লগতে শিক্ষায়তনৰ কাম-কাজ আৰু শিক্ষায়তনে ১৯৮৭ চনৰ জুলাই মাহৰ পৰা প্ৰকাশ কৰি থকা দ্বিভাষীক ছমহীয়া আলোচনী ‘গণিত বিকাশ’ৰ সম্পৰ্কে কিছু কথা থকাৰ উপৰিও গণিতৰ কেইটামান বিষয় তথা কেইজনমান গণিতজ্ঞৰ ওপৰতো ৰসাল প্ৰবন্ধ, সাক্ষাৎকাৰ আদিও আছে। স্মৃতিগ্ৰন্থখনৰ সম্পাদক ড° দিলীপ শৰ্মা।

গণিত বিকাশ

In আলোচনী, ছমহীয়া on 9 ডিচেম্বৰ, 2011 at 5:13 সন্ধ্যা

১৯৮৬ চনৰ ১৮ জুলাইত অসম গণিত শিক্ষায়তন (Assam Academy of Mathematics) প্ৰতিষ্ঠা হয়। শিক্ষায়তনে ১৯৮৭ চনৰ জুলাইৰ পৰা ‘গণিত বিকাশ’ নামৰ দ্বিভাষীক ছমহীয়া এই আলোচনীখন প্ৰকাশ কৰি আহিছে। ইয়াৰ প্ৰথম সম্পাদক আছিল অসমৰ গণিত জগতৰ এগৰাকী সন্মানীয় আৰু আদৰৰ ব্যক্তি ড° অমলা বেজবৰুৱা (অমলা বাইদেউ)। এই আলোচনীখন শিক্ষায়তনৰ ছশৰো অধিক আজীৱন সদস্যলৈ বিনামূলীয়াকৈ প্ৰেৰণ কৰা হয় আৰু শিক্ষায়তনৰ কাৰ্য্যালয় আৰু শাখা কাৰ্য্যালয়সমূহৰ পৰা আলোচনীখন ক্ৰয়ো কৰিব পাৰি। ছাত্ৰ-ছাত্ৰী, আনকি শিক্ষকসকলকো বৌদ্ধিক খোৰাক যোগোৱাত এই আলোচনীখনৰ অৰিহণা অসীম।

বিজ্ঞান জেউতি

In আলোচনী, দুমহীয়া on 9 ডিচেম্বৰ, 2011 at 5:02 সন্ধ্যা

১৯৬১ চনৰ পৰা ‘অসম বিজ্ঞান সমিতি’য়ে (Assam Sciences Society) বিজ্ঞান জেউতি নামৰ এই দুমহীয়া জনপ্ৰিয় বিজ্ঞান-আলোচনীখন প্ৰকাশ কৰি আহিছে।

নতুনৰ স্বৰলিপি

In গল্প on 23 নবেম্বৰ, 2011 at 5:26 সন্ধ্যা

কুৰি শতিকাৰ নবৈৰ দশকৰ শেষভাগত আত্মপ্ৰকাশ কৰা তথা একবিংশ শতিকাত অসমীয়া গল্পক এটা বিশেষ পৰ্য্যায়ত ধৰি ৰাখিব বুলিআশা কৰা পঁচিশজন নিৰ্বাচিত নতুন লিখকৰ নিৰ্বাচিত পঞ্চাশটা গল্পৰ সংকলন ।প্ৰথম প্ৰকাশ ২০১০ । প্ৰকাশক নন্দিতা বৰুৱা । মূল্য ২০০.০০ টকা মাত্ৰ । গল্পকাৰ সকল হৈছে- মৃত্যুঞ্জয় মহন্ত, অপু ভৰদ্বাজ, অৰূপ কুমাৰ নাথ, অনামিকা বৰা, ৰশ্মিৰেখা বৰা, সঞ্জীৱ পল ডেকা, মৃণাল কলিতা, চন্দনা পাঠক, ৰত্না ভৰালী তালুকদাৰ, সোমনাথ বৰা, মণিকা দেৱী, সিদ্ধাৰ্থ শংকৰ বেজবৰুৱা, ভাস্কৰ ঠাকুৰীয়া,কমল কুমাৰ তাঁতী, প্ৰাৰ্থনা শইকীয়া, মনালিছা শইকীয়া, দিব্যজ্যোতি বৰা, জয়ন্ত শইকীয়া, ভূপেন গায়ন, ধ্ৰুবজ্যোতি শৰ্মা, গীতালি বৰা, স্বাতী হাজৰিকা, সুৰঞ্জনা শৰ্মা, নিশিগন্ধা তালুকদাৰ আৰু অংগনা চৌধুৰী ।

অগ্ৰগামিনী

In উপন্যাস on 23 নবেম্বৰ, 2011 at 3:57 সন্ধ্যা

লেখিকাঃ নিৰুপমা বৰগোহাঞি । বিশিষ্ট শিক্ষাবিদ আৰু সমাজ সংস্কাৰক ইন্দিৰা মিৰিৰ জীৱন ভিত্তিক উপন্যাস। গুৱাহাটীৰ ষ্টুডেণ্টচ্‌ ষ্ট’ৰচে প্ৰকাশ কৰা প্ৰথম সংস্কৰণ বজাৰলৈ আহিছিল ডিচেম্বৰ ২০০৯ ত । এই সংস্কৰণৰ মূল্য  ১২০.০০ টকা মাত্ৰ ।

পানীৰ এই জীৱন নীলপৱন

In গল্প on 23 নবেম্বৰ, 2011 at 12:25 সন্ধ্যা

লেখিকাঃ মনালিছা শইকীয়া । পানীৰ এই জীৱন নীলপৱন লেখিকাৰ প্ৰকাশিত চতুৰ্থ খন কিতাপ । ইতিমধ্যে লেখিকাৰ দুখন গল্প আৰু এখন উপন্যাস প্ৰকাশ পাইছে ।  ১৪টা গল্পৰ এই খন সংকলনখনৰ গল্প সমূহ হৈছে- । জীৱনৰ গল্প, অতৃপ্তি, এটা শৰীৰী গল্প, জন আব্ৰাহামৰ মুখা, শামুক, ভালপোৱা, তাই যদি তাই নহ’লহেতেন, স্বাৰ্গৰ দুৱাৰ বিচাৰি, তাই ছুপাৰ মডেল নহ’ল, এটি ভ্ৰূণৰ কথা, ভোগ, এদিন এনিশাৰ সাধু, চেগুণ কাঠৰ বিচনাখন আৰু পানীৰ এই জীৱন নীলপৱন । নৱেম্বৰ ২০০৬ত প্ৰাপ্তি প্ৰকাশনে প্ৰকাশ কৰা প্ৰথম সংস্কৰণাৰ মূল্য-৬০ টকা মাত্ৰ ।

যমুনা

In উপন্যাস on 23 নবেম্বৰ, 2011 at 10:48 পুৱা

লেখিকাঃ মণিকুন্তলা ভট্টাচাৰ্য্য । স্বামী আৰু পুত্ৰক একেসময়তে  হেৰুওৱা চল্লিশৰ দেওনা পাৰ কৰা এগৰাকী সাধাৰণ মধ্যবিত্তীয় গৃহিণীৰ কাহিনী যমুনা । জনমভূমি কাকতৰ দেওবৰীয়া পৰিপূৰিকা বসুন্ধৰাত ধাৰাবাহিক ভাৱে প্ৰকাশ পোৱা যমুনাই পাঠকৰ যথেষ্ট সমাদৰ লাভ অকৰিছিল । কিতাপ আকাৰে  প্ৰকাশ কৰিছে পূৰ্বাঞ্চল প্ৰকাশে । ২০০৯ ত প্ৰকাশ পোৱা প্ৰথম সংস্কৰণৰ মূল্য ১২৫.০০ টকা মাত্ৰ ।

অসমীয়া প্ৰতিদিন শৰত্‍ সমগ্ৰ ২০১১

In বিশেষ সংখ্যা on 22 নবেম্বৰ, 2011 at 3:31 সন্ধ্যা

অসমীয়া প্ৰতিদিন কাকতৰ শৰত্‍ ২০১১ ৰ বিশেষ সংখ্যাত আছে- ১২টা প্ৰৱন্ধ, ২খন বিশেষ ৰচনা, ৯খন উপন্যাস, ৪খন উপন্যাসিকা, ৩৯ টা গল্প,  ৩৭ জন কবিৰ কবিতা, ১খন ৰহস্য উপন্যাস, ৪টা অনুবাদ গল্প, ১টা ভ্ৰমণ কাহিনী,   ৫টা বিনোদন সম্পৰ্কীয় লিখনি । মূল্য-৫০ টকা মাত্ৰ ।

চৰ্য্যাপদ

In প্ৰৱন্ধ on 22 নবেম্বৰ, 2011 at 3:10 সন্ধ্যা

লিখক দিলীপ বৰা । বৌদ্ধধৰ্মৰ অন্তিম ধাৰা সহজযান পন্থৰ ধৰ্মীয় দৰ্শনৰ আধাৰত অপভ্ৰংশীয় ভাষাত ৰচিত চৰ্য্যাগীত বা চৰ্য্যাপদ সমূহৰ আধুনিক অসমীয়া ভাষালৈ কৰা অনুবাদ আৰু নতুন দৃষ্টিভঙ্গীৰে কৰা বিশ্লেষণ ।প্ৰকাশক-লয়াৰ্ছ বুক ষ্টল । প্ৰথম প্ৰকাশ-ডিচেম্বৰ ১৯৯৬ । প্ৰথম প্ৰকাশৰ মূল্য-৮০ টকা মাত্ৰ । মুঠ পাঁচটা অধ্যায়ৰ গ্ৰন্থখনৰ প্ৰথম অধ্যায়ত আছে- পৰিচয়মূলক টোকা, ভাষা সম্পৰ্কীয় বিতৰ্ক, সন্ধ্যা ভাষা, অসমত বৌদ্ধ ধৰ্ম, তন্ত্ৰ সম্পৰ্কে এটা ধাৰণা, বৌদ্ধ তান্ত্ৰিক মতবাদৰ বিভিন্ন ধাৰা, তন্ত্ৰ আৰু যোগ, চৰ্য্যাগীতৰ দৰ্শন, চৰ্য্যাপদত প্ৰতিফলিত সমকালীন সমাজ, চৰ্য্যাগীতৰ সাহিত্যিক সৌন্দৰ্য্য, চৰ্য্যাপদ আৰু পৰৱৰ্ত্তী আৰু অসমীয়া গীতি সাহিত্যঃ ক)চৰ্য্যাপদ আৰু বৰগীত খ) চৰ্য্যাপদ আৰু দেহবিচাৰৰ গীত গ) চৰ্য্যাপদ আৰু জিকিৰ, চৰ্য্যাপদৰ এটি ভাষাতাত্বিক টোকা । দ্বিতীয় অধ্যায়ত আছে- কবি পৰিচয়, তৃতীয় অধ্যায়ত আছে-অসমীয়া গীতি অনুবাদ, চতুৰ্থ অধ্যায়ত আছে-চৰ্য্যাগীতসমূহৰ মূলভাৱ, পঞ্চম অধ্যায়ত আছে-নৱ চৰ্য্যাপদ ।