assamesebooks

Archive for ডিচেম্বৰ, 2011|Monthly archive page

সোণালী সংখ্যা

In কিতাপ, প্ৰৱন্ধ on 9 ডিচেম্বৰ, 2011 at 5:25 সন্ধ্যা

লেখক- বিপুলজ্যোতি শইকীয়া।

ইয়াত গণিত বিষয়ক মুঠ এঘাৰটা ৰসাল প্ৰবন্ধ আছে। এই প্ৰবন্ধসমূহ প্ৰান্তিক, গণিত বিকাশ, সাদিন, প্ৰত্যয়, দি চিণ্টিনেল, দি টেলিগ্ৰাফ আদিত প্ৰকাশ পাইছিল। কবি হিচাপে পৰিচিত বিপুলজ্যোতি শইকীয়া এগৰাকী প্লাজমা বিজ্ঞানী। গণিতৰ প্ৰতি তেখেতৰ ধাউটি বহুত। এই গ্ৰন্থখনৰ ভাষা ইমানেই ৰসাল যে সকলো পাঠকেই গ্ৰন্থখন পঢ়ি আনন্দ লাভ কৰিব আৰু কিছু কথা শিকাৰ উপৰিও নিজেও গণিত চৰ্চাৰ প্ৰতি আগ্ৰহী হ’বলৈ প্ৰেৰণা পাব। গণিত বিষয়ক অসমীয়া ভাষাত কেৱল দুই-তিনিখনহে প্ৰবন্ধ সংকলন থকা হেতুকে এনেকুৱা ধৰণৰ এখন গ্ৰন্থ লিখা বা প্ৰবন্ধ সংকলন প্ৰকাশ কৰি উলিওৱাৰ ক্ষেত্ৰত এই গ্ৰন্থখন প্ৰেৰণাৰ উৎস হ’ব পাৰে।

গ্ৰন্থখনৰ প্ৰকাশক- ষ্টুডেণ্টচ্‌ ষ্ট’ৰচ্, গুৱাহাটী।

অনুক্ৰম

In আলোচনী, স্মৃতি গ্ৰন্থ on 9 ডিচেম্বৰ, 2011 at 5:19 সন্ধ্যা

১৯৮৬ চনৰ ১৮ জুলাইত প্ৰতিষ্ঠা হোৱা অসম গণিত শিক্ষায়তনে (Assam Academy of Mathematics) ২০১১ চনৰ ১৭ জুলাইত ২৫ বছৰ সম্পূৰ্ণ কৰে। সেইদিনা ৰূপালী জয়ন্তী বৰ্ষ উৎযাপনৰ সামৰণি অনুষ্ঠানত এই স্মৃতিগ্ৰন্থখন উন্মোচন কৰা হয়। ‘কেইজনমান অত্যুৎসাহী গণিত-সেৱকৰ প্ৰচেষ্টাত’ জন্ম হোৱা এই অনুষ্ঠানটোৰ হৈ একাদিক্ৰমে বহুকেইজন উদ্যমী শিক্ষক তথা ছাত্ৰ-ছাত্ৰীয়ে নিষ্ঠাৰে কাম কৰি আহিছে। সেইসকলৰ কেইজনমান বিশিষ্ট ব্যক্তিৰ মহৎ অৱদানৰ কথা সুঁৱৰি লিখা কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰবন্ধ স্মৃতিগ্ৰন্থখনত আছে, লগতে শিক্ষায়তনৰ কাম-কাজ আৰু শিক্ষায়তনে ১৯৮৭ চনৰ জুলাই মাহৰ পৰা প্ৰকাশ কৰি থকা দ্বিভাষীক ছমহীয়া আলোচনী ‘গণিত বিকাশ’ৰ সম্পৰ্কে কিছু কথা থকাৰ উপৰিও গণিতৰ কেইটামান বিষয় তথা কেইজনমান গণিতজ্ঞৰ ওপৰতো ৰসাল প্ৰবন্ধ, সাক্ষাৎকাৰ আদিও আছে। স্মৃতিগ্ৰন্থখনৰ সম্পাদক ড° দিলীপ শৰ্মা।

গণিত বিকাশ

In আলোচনী, ছমহীয়া on 9 ডিচেম্বৰ, 2011 at 5:13 সন্ধ্যা

১৯৮৬ চনৰ ১৮ জুলাইত অসম গণিত শিক্ষায়তন (Assam Academy of Mathematics) প্ৰতিষ্ঠা হয়। শিক্ষায়তনে ১৯৮৭ চনৰ জুলাইৰ পৰা ‘গণিত বিকাশ’ নামৰ দ্বিভাষীক ছমহীয়া এই আলোচনীখন প্ৰকাশ কৰি আহিছে। ইয়াৰ প্ৰথম সম্পাদক আছিল অসমৰ গণিত জগতৰ এগৰাকী সন্মানীয় আৰু আদৰৰ ব্যক্তি ড° অমলা বেজবৰুৱা (অমলা বাইদেউ)। এই আলোচনীখন শিক্ষায়তনৰ ছশৰো অধিক আজীৱন সদস্যলৈ বিনামূলীয়াকৈ প্ৰেৰণ কৰা হয় আৰু শিক্ষায়তনৰ কাৰ্য্যালয় আৰু শাখা কাৰ্য্যালয়সমূহৰ পৰা আলোচনীখন ক্ৰয়ো কৰিব পাৰি। ছাত্ৰ-ছাত্ৰী, আনকি শিক্ষকসকলকো বৌদ্ধিক খোৰাক যোগোৱাত এই আলোচনীখনৰ অৰিহণা অসীম।

বিজ্ঞান জেউতি

In আলোচনী, দুমহীয়া on 9 ডিচেম্বৰ, 2011 at 5:02 সন্ধ্যা

১৯৬১ চনৰ পৰা ‘অসম বিজ্ঞান সমিতি’য়ে (Assam Sciences Society) বিজ্ঞান জেউতি নামৰ এই দুমহীয়া জনপ্ৰিয় বিজ্ঞান-আলোচনীখন প্ৰকাশ কৰি আহিছে।